Wednesday, 31 July 2019

kabitaxobdhar xugondhi bisari (কবিতাশব্দৰ সুগন্ধি বিচাৰি) by Imam Hussain

:::::::::::::::::::::::::::::::::::::::::::::::::::::
                                                          
         কবিতা শব্দৰ
                   সুগন্ধি বিচাৰি
                                    
                               ✍️.... ইমাম হুছেইন                   
:::::::::::::::::::::::::::::::::::::::::::::::::::::
           কবিতা

১- কবিতা শব্দৰ সুগন্ধি বিচাৰি
কবিতাৰ ৰং ৰূপ বিচিত্ৰা
দিনে-নিশাই কবিৰ হাতত,
কবিতা-শব্দৰ ৰহণ সলায়।।

আধুনিক,ৰোমান্টিক শব্দৰে
প্ৰতিজন কবিৰ অনুভৱবোৰ,
কবিতা-শব্দৰে ভড়াল জীয়াই
এমুঠি কবিতা-শব্দৰ বন্যা,
সাহিত্য কবিতাৰে অমৰ সৃষ্টি।।

ছন্দসজ্জাৰে হৃদয়ংগমত অন্তৰৰবাণী
কবিতা-শব্দৰ সুগন্ধি বিচাৰি।।

ন-পুৰণি কবিৰ কলমেৰে
সৃষ্টি হৈছে কবিতা-শব্দৰ,
একো-একোটা মিশ্ৰণ।।

বুদ্ধিমত্তা আৰু অধ্যয়নৰ জ্ঞানেই
কবিতা-মিশ্ৰণৰ দ্ব্যৰ্থকতাত,
কবিতা-শব্দৰ ন ন-ৰূপ সাজে।।

কবিতা-শব্দ শুহি-গুহি ম্লান
সেউজীয়া সজাল পথাৰৰ,
সুগন্ধিই যেন হৃদয়ে হৃদয়ে
প্ৰতিজনক হৃদয়ংগম কৰি,
কবিতাই অমৃত অমৰ

অনুভৱ,অনুভূতিৰ সান্নিধ্য।।
             ০০০

২- অসম সন্তান ছানাউল্লা
আইৰ বুকুত জন্ম হৈ
বিদেশীৰ বোজা মোৰত,
অসমৰ বায়ু,পানী খাই
ডাঙৰ-দীঘল হোৱা,
ছানাউল্লা তোমাৰে কোলাত।।

ভাৰত মাতৃৰ বাবে
ত্ৰিশ বছৰ,
কাৰ্গিল যুদ্ধত
ৰাষ্টপতি সন্মান,
লাভ কৰিছিল
জীৱনৰ বিনিময়ত।।

ছানাউল্লা দেশী হৈ
তেওঁক বিদেশীৰ পোচাক,
ষড়যন্ত্ৰৰ বলি হৈ
ছানাউল্লাক পিন্ধালে হেনকাপ।।
                ০০০

    ৩- মৃত্যু
আহিছো যদি
যাবই-তো লাগিব,
আত্মাৰ অন্তিম
ঠিকনা বিচাৰি।।

এদিন
প্ৰতিটি জীৱ,
মৃত্যু হ'ব।।

এদিন পৰিয়ালৰ চুকুত
অগণন অশ্ৰু বোৱাই,
আত্মাই জগত এৰি
পক্ষী হৈ উৰি যাব,
আত্মাৰ অন্তিম
ঠিকনা বিচাৰি।।

মাংসৰ দেহা
মাটিতে পৰি থাকিব,
কোনোৱে জ্বলাব
আকৌ,
কোনোৱে মাটিচাপা দিব।।

সামাজিক নামটোৰ বাবে
পৰিয়ালে পূজা-নামাজ প্ৰাৰ্থনা
আত্মাই হে বুজিব
মৃত্যুৰ যন্ত্ৰণা।।
     ০০০

    ৪- অহংকাৰ
তুমি অহংকাৰ নাহিবা
মোৰ মনৰ ভিতৰত,
তুমি অহংকাৰ
আনৰে আগত নিশিকাবা,
অহংকাৰৰ জগত।।

তুমি অবিহনেই
মই থাকিব পাৰিম,
নাহিবা তুমি নাহিবা
মোৰ ঠাইতে,
মোক থাকিব দিয়া।।

মোৰ হতোৱাই
অন্যৰ মনত,
তুমি আঘাত
হানিবলৈ চেষ্ঠা,
নকৰিবা তুমি নকৰিবা।।

তুমিতো অহংকাৰ
মিথ্যাবাদী পথভ্ৰষ্টা,
আনৰ মনত
আঘাত দিয়া,
অহংকাৰ তুমি অহংকাৰ।।
        ০০০

৫- নিষ্টুৰ প্ৰেমিকা
নিষ্ঠুৰ প্ৰেমিকা তুমি
ভাৱিছিলো মনৰ ভাষা,
পাবা তুমি বুজি।।

কিন্তু মিথ্যাবাদী হৈ
প্ৰেমৰ চলনা কৰা,
অহংকাৰী প্ৰেমিকা তুমি।।

প্ৰেমৰ নামত
চলনাৰ মায়াজাল,
মায়াত পেলাইছিলা
হঠাৎ বুজিব পাৰিলো,
দ্ৰুত-গতিত গুছি যাবা বুলি।।

মোৰ কথা মিথ্যা নহয়
তোমাৰ অহংকাৰৰ বাবে,
মনত সন্দেহ উপজে
মোৰেই আগেদি,
আনৰ হাত ধৰি
লোকাই লোকাই,
প্ৰেমৰ কৰা বুলি।।

এদিন সেইজনকো
তোমাৰ এই মিথ্যা,
মায়াজালৰ পৰা
লোকাই লোকাই,
আনলৈ হাতধৰি
তুমি গুছি যাবা,
সন্দেহ উপজে বুলি।।
        ০০০

৬- মাছমৰীয়া
ইপাৰে-সিপাৰে
নদীৰ ঢৌ,
ঘৰতে চিন্তিত
আই-ক'কাইদেউ।।

নদীৰ বুকুত
হালিছে ঢুলিছে
টুলুঙা নাওঁ,
কালৰূপ লৈছে
পচোৱা বতাহেওঁ,
টুলুঙা নাওঁ মাজ বাটতে
পচোৱা বতাহৰ শিৰ্-শিৰনি শব্দতে,
গোৱালপৰীয়া গানকে গাই যাওঁ।।

নদীৰে বেগাই ব'ঠা মাৰি
কাল ধূমুহাই হঠাৎ আহি,
নাৱৰীয়াৰ লাগিলে লে'ঠা।
মাজ নদীত নাওঁ ডুবিলে,
বচাব পাৰিব কোন বে'টা।।

নাওঁ বোৱাই
নদীত মাছধৰি,
জীৱন বচাওঁ
বজাৰত বিক্ৰি কৰি।।

আমি ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া
দূখীয়া নিচলা নাৱৰীয়া,
নিতৌ পেচা আমাৰ মাছমৰীয়া।।
                 ০০০

  ৭- সংগীতৰে যাত্ৰা
সোন শণিতৰ দেহাটিত
আছো আই আমি,
সংগীতৰে যাত্ৰা আমাৰ
আই তোমাৰ ইতিহাসৰ পাতনিত।।

তোমাৰ সন্তান সংগীত শিল্পী
অন্তৰৰ পৰা অনুভৱৰ সৃষ্ঠি,
প্ৰকাশিত শব্দৰ এমুঠি সুগন্ধি।।

আইৰ সন্তান বিশ্বদৰবাৰত
গুণ গুণ গান গাই,
প্ৰতিজন দৰ্শকৰ মনে বিচৰা
সংগীতৰে বাজি থকা,
সমুধুৰ গান।।

অসমী মোৰ আই।।

য'তে যাওঁ
ত'তেই আইৰ,
ভাষাক শুনিব পাওঁ।।

বাৰে বাৰে শুনিওঁ বিৰক্তি নোহোৱা
তোমাৰেই অন্তৰস্পৰ্শীতাৰ গান,
গুণ গুণ গান গাই
আইৰ সন্তান আগুৱাই যাই।।

অসমী মোৰ আই।।

আই তোমাৰেই সংগীতৰ সোৱাদত
জীৱাই আছো হাজাৰ হাজাৰ জ্বনতা,
আমাৰ পৰিচয় আমি অসমীয়া।।

গুণ গুণ গান গাই
অস্তিত্বৰ মুহূৰ্তত প্ৰাণ পাই,
জাগি উঠিব পাৰিম আই।।

অসমী মোৰ আই।।
         ০০০

   ৮- প্ৰেমৰ অভিশাপ
প্ৰেমৰ সপোন আধৰুৱাতে
যদি থমকি ৰই,
মনৰ মন্দিৰ ভাঙি-চিঙি
নিথৰুৱা যেন হয়।।

কথা আছিল
 ঘৰ সাজিম,
নাপালো যে তোমাক।
সপোন ভাঙি এৰি গৈছা,
নিদিবা অভিশাপ।।

বহু প্ৰত্যাশিত প্ৰেমৰ আশা
যদি নিৰাশা হয়,
প্ৰেমিক-প্ৰেমিকাৰ অভিনয়ে
সমাজত যেন অভিশাপ হৈ ৰই ।।
                 ০০০

       ৯- স্নিগ্ধ প্ৰেম
যিদিনা তোমাক পালো ভাল
সিদিনাৰ পৰাই
আমাৰ লাগিল যেন
প্ৰেমৰে কাল।।

মোৰ মনত নাছিলে
গোপন মিতি-ৰালি
তুমি ভাল
পাইছিলা বুলি।।

আজি স্নিগ্ধত
কবৰস্থান কৰিলা
প্ৰেমৰ সম্পৰ্ক
মনত বানপানীৰ ঢ'লে
সোঁতৰ সৃষ্টি কৰি
 ব্ৰহ্মপুত্ৰই যেন
মোৰ চুকুৰে পানী।।

ব্ৰহ্মপুত্ৰৰ
কাল ধুমুহাই
উঠুৱাই লৈ গ'ল
পুৰণি প্ৰেমৰ
আশাৰ বিশ্বাসী পত্ৰ ।।

তুমি কেতিয়াওঁ
ভাৱিব দিয়া নাছিলা
যে প্ৰেম হেৰুৱাব
হঠাৎ আজি কিয়
পক্ষী হৈ উৰি গ'লা
নিজান দেশলৈ।।

আজিওঁ যেন
ৰাতিৰ সপোনত
ত'ৰা,জোন,নক্ষত্ৰ হৈ
মোৰ বুকুৰ মাজত
অবাধ বিচৰণ কৰিলা
সপোন ভঙ্গাৰ পাছত
যেন মোৰ পৃথিৱীখন
আকৌ
আন্ধাৰত ডুবাই দিলা।।

আশাৰ প্ৰেমক
প্ৰতাৰিত কৰি
স্নিগ্ধ হৈ ৰ'লা
সপোন ভাঙ্গি
চিৰ-চিনাকী
স্নিগ্ধ প্ৰেমৰ
ইতিহাস হৈ থাকিলা।।

ধন্য তোমাৰ আশাক
ধন্য তোমাৰ প্ৰত্যাশাক
ধন্য তোমাৰ প্ৰতাৰিত
প্ৰেমৰ চলনাক।।
       ০০০

kabitaxobdhar xugondhi bisari (কবিতাশব্দৰ সুগন্ধি বিচাৰি) by Imam Hussain


১০/ অগৰ বগৰ
ৰাজনীতিৰ বতৰত,
অগৰ-বগৰ কথা।
নেতাৰ মূখত,
অতিবাদী-অতিমৰ্যাদা।।

দলে-দলে ককৰ্থনা,
জন-গণৰ আগত।
দলে-বলে চৰ্দ্দাৰজী আহি,
জীয়া-খোৱা উদাত্ত ভাষণ দি,
নিৰ্বাচনৰ মুহূৰ্তত।
ৰাইজৰ মন লয় কাঢ়ি,
সেয়া বোকা-ছটিয়া ৰাজনীতি।।

তঙ্কাৰী নেতাৰ থূপুৰিমেল,
ৰাইজলৈ মাথো প্ৰস্তাৱৰ খেল।।

এই আহিল,
এই গল।
ৰাইজৰ ঠাইত,
ৰাইজে ৰল।।
চৰ্দ্দাৰজী আহি ৰামটাংঙুন দি,
উদাত্ত কন্ঠ পাহৰি গল।।
           ০০০

১১/ প্ৰেমৰ ৰঙীন সপোন
তুমিয়েই যেন আছিলা ৰৈ,
মোৰ ৰঙীন সপোনৰ সীমনাত।

পখিলাই মোৰ কাণে কাণে আহিছে কৈ ,
ঢৌ খেলিছে যেন প্ৰেমৰ মলয়াত ।

ফাগুনৰ ফাগুনী পচোৱাত
আহিবা হালি-জালি একা-বেকাকৈ,
তুমি মোৰ চিৰ-সংগী হৈ।।
          ০০০

১২/ প্ৰেমৰ বিষাদ
মই নাজানো ভাল পাবলৈ
তোমাৰ মোৰ প্ৰেমৰ ছায়াক
তোমাৰ মোৰ প্ৰেমৰ অনুভৱতৰ
মই স্পৰ্শৰ স্মৃতিতহে ব্যাকুল।।

দিন-ৰাতি উজাগৰে কটাওঁ
তোমাৰ মোৰ প্ৰেমৰ স্মৃতিত
মোৰ দুচকুত অশ্ৰসিক্তৰ বানে
বৰষুণৰ টোপাল হৈ
টপ টপকে গালতে পৰে।।

প্ৰেমৰ বিষাদৰ জ্বৰে
তোমাৰ মোৰ প্ৰেমৰ স্মৃতিত
যেন বিষাদৰ কবিতা।।

দিন-ৰাতি বাৰে বাৰে পঢ়ো
শৰাস্ৰোতা নৈৰ পাৰত বহি,
তোমাৰ মোৰ অনুভৱৰ স্মৃতি
মনত পেলাই কবিতা লিখো,
মোৰ প্ৰতিটি ৰাতিযেন
আন্ধাৰ জীৱনৰ মহামহিমাময় নিশা।।
              ০০০

১৩/ তোমাৰ অভিনয়
আজি কলংকিত হলো
সমাজক প্ৰতাৰিত কৰি,
তোমাক ভাল পাইছিলো বুলি।।

প্ৰেমৰ নামত
তুমি অভিনয় কৰিবা,
মই কেতিয়াওঁ ভবা-নাছিলো।।
         ০০০

১৪/ মানৱধৰ্ম
সমাজৰ মিলা-প্ৰীতি
হিন্দু-মুছলিম একেই গতি।
মানৱধৰ্ম নহয় অহংকাৰী জাতি,
ভেদাভেদ এৰি আগুৱাই যাওঁ
আমি হাতে-হাতধৰি।।

মানৱধৰ্মই পৰীক্ষালব্ধ জগতখনক পৰিচালনা কৰা
মানৱীয় জীৱনৰ অস্তিত্ব সংগ্ৰাম বৰ্তাই ৰখা।।

ক্ৰমপৰিৱৰ্তন সুৰক্ষাবোধক
যি শিক্ষা দিয়ে,
মানৱধৰ্মই সামঞ্জস্য সংহতিৰ
পোষকতা সৃষ্টি কৰে।।

অন্ধ বিশ্বাস বোলা ধাৰণাটোৱে
উদ্বেগতাৰ সমাজত বিচ্ছিন্নতা আনে,
সাম্প্ৰদায়িক ঘটনাৰ সৈতে
জগৰীয়া বৈপৰীত্য হৈ থাকে।।

মানৱধৰ্মৰ সংজ্ঞা সহজ-সৰল দিব পৰা নাযায়
এক ঈশ্বৰত্ব প্ৰণালীত,
যাৰ পাপ বুলি সংজ্ঞাৱদ্ধ মানৱীয় ভাৱে
যুক্তিসংগত আত্মাবাদৰ বাখ্যা পাই।।
                ০০০

১৫- গোট
আমাৰ গোট
আপোনাৰ গোট,
দুখীয়া পৰীয়ালৰ
শান্তি-অশান্তিৰ গোট।।

সাপ্তাহিক গোট
মাহেকীয়া গোট,
আমাক আপোনাক
কৰিছে লোট।।

আপুনি লৈছে টকা
কৰিছে ফাঁকা,
আহিল কিস্তি
মেনেঞ্জাৰ গাৱে-বস্তি,
টকা ল'বলৈ ধাৰ
ঘৰে-বাৰী,
আপোনাৰ স্ত্ৰী।।

গোট লৈছে
ভালে হৈছে,
গোট আকৌ
কাৰোবা হৈছে ভাল
কাৰোবা হৈছে কাল,
আপুনি সময়ে-সময়ে
টকা লৈছে ধাৰ।।

টকা নাই
কথা মিষ্টি,
স্বামী-স্ত্ৰীৰ
কাজিয়া সৃষ্টি।।

গোট মাৰিবলৈ
নাই শক্তি,
কাজিয়াৰ ফলত
আপোনাৰ গ'ল স্ত্ৰী।।
        ০০০

 ১৬- পৱিত্ৰ ঈদ
বিশ্বজুৰি আনন্দৰ মলয়াত
উৎফুল্লিত মোমিন জনতা,
পৱিত্ৰ ঈদোল ফিতৰৰ আগত
আহিল ৰোজা শেষৰ সীমনা।।

নতুন জামা-কাপোৰ পিন্ধি
খুশিত আনন্দহাৰা মন,
সু-স্বাদু,মিঠাই,নাস্তা খাই
সকলোৱে যায়,
নামাজ পঢ়ে
শান্তিৰ বাবে,
বিশ্বৰ জন-গণ।।

আকাশ-বতাহে চুই যাওঁক
বিশ্বৰ মোমিনৰ মনক,
সকলোকে জনাওঁ
ঈদৰ শুভেচ্ছা,
পৱিত্ৰ ঈদ মোবাৰক।।
        ০০০

     ১৭- প্ৰেম স্বৰ্গ
স্বৰ্গৰ সুখ কেনেকুৱা নাজানো আমি
তোমাৰ লগত মোৰ প্ৰতিটি মূহুৰ্তত,
পাওঁ যদি সেইটোকে বুজি
স্বৰ্গ মোক নালাগে-তোমাক পালেই মই সুখী।।
                 ০০০

  ১৮- জীৱন নদী
কলগছত কুলি চৰাই
কঁঠাল গছত মৌ,
জীৱন নদী পাৰ হওঁতে
হৈছোঁ ব্ৰক্ষপুত্ৰৰ ঢৌ।।
         ০০০

    ১৯- আমাৰ সংগ্ৰাম
এই সংগ্ৰাম আমাৰ জাতিৰ সংগ্ৰাম
এই সংগ্ৰাম আমাৰ ন্যায়ৰ সংগ্ৰাম
আমাৰ অস্তিত্ব ও সততাৰ সংগ্ৰাম
শ্বহীদৰ কেঁচা তেজৰ সংগ্ৰাম
আমি কিমান সহিম দুখ আৰু লাঞ্ছনা
আমি কিমান অসমীয়াই জীৱন আৰু তেজ দিম
হাজাৰ হাজাৰ বীৰ শ্বহীদৰ তেজৰ বিনিময়ত
আমি পাইছো ভাতৃত্ব আৰু স্বাধীনতা।।

আমি অসমীয়াই দুখ আৰু লাঞ্ছনাসহিব নোৱাৰি
আজি গঢ়ি উঠিছে আমাৰ এই মহা-সংগ্ৰাম
জাগক অসমৰ জন-গণ
এলাহ এৰি আগবাঢ়ি যাওঁক
সত্য অহিংসাৰ পতাকা উৰুৱাই
হিংসাৰ জুই নুমুৱাই যাওঁক
দূৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে
অসমীয়াৰ শান্তি আৰু স্বাধীনতাৰ বাবে
আজি সৃষ্টি হৈছে মহা-সংগ্ৰাম
এই সংগ্ৰাম।।
    ০০০

২০- মাহে ৰমজান
বিশাল আকাশত
জিলিক-মিলিক তৰাঁৰে মাজত,
উঠিল আনন্দৰ চাঁন্দ।।

ৰহমতৰ বাণীলৈ,
আহিল মাহে ৰমজান।।

পৃথিৱীৰ চৌদিশে
কোৰাণ তিলাওঁত,
ৰোজাৰে উপবাস থাকি।।

ত্ৰিশ দিনে তাৰাবীহ্ পঢ়ে,
সৃষ্টিকৰ্তাক মনত ৰাখি।।

ধৰ্মীয় মোমিন সমাজত
আনন্দৰ জোৱাৰ,
নাচি উঠিছে প্ৰাণ।।

মাগফিৰাতৰ বাণীলৈ,
আহিল মাহে ৰমজান।।

অসমীয়া আমাৰ জাতি
ৰোজা ইছলামৰ ভেটি,
সকলোৱে ভেদাভেদ এৰি
ৰাখো ৰোজা ত্ৰিশটি।।

ৰোজা ৰাখ-
দু-হাত পাতি,
সৃষ্টিকৰ্তাৰ পৰা বিচাৰো
মানৱ-জাতিৰ কল্যাণ।।

জীৱ শ্ৰেষ্ঠৰ
একেটাই জয়গান।।

নাজাতৰ বাণীলৈ
আহিল মাহে ৰমজান।।
           ০০০

 ২১- শিক্ষাগুৰু
আমাৰ ছাত্ৰ-জীৱনৰ
তেওঁ আন্ধাৰবোৰ আতঁৰাই,
সমাজ খন পোহৰৰে আলোকৃত কৰি
কিন্ত সেই শিক্ষাগুৰুৰ হাতত তুলি,
আমি একোৱেই নাই দিবলৈ বুলি
সেৱা-প্ৰণাম জনাওঁ শিক্ষক-দিৱসৰ
এই পৱিত্ৰ ক্ষণত আজি।।

হে গুৰু বাৰে বাৰে মনত পৰে
আমাক মানুহ গঢ়াৰ কৰ্মশালৰ কথা,
হঠাৎ বাজি উঠে আজি
আমাৰ মাজত সেইদিনৰে কন্ঠস্বৰ,
সেয়ে কান্দিছো হিয়া উজাৰি
অতিতৰ অভিজ্ঞতাত।।

কিমান যে কষ্ট আৰু প্ৰেৰণাৰে
আমাক প্ৰত্যেক শ্ৰেণীত শিকাইছিল,
আজিওঁ মনত কৌতুহল সৃষ্টি কৰে
শ্ৰেণীকোঠাৰ কথা।।

হে মহান গুৰু-
আপোনাৰ বাবেই এই ত্ৰিভুৱনত
আছে ডাক্টৰ,ইঞ্জিনীয়াৰ,মন্ত্ৰী আৰু বহুকাৰিকৰ,
সেয়ে বিলাসীতা ঘৰ আৰু বিলাসীতা বাহন
লৈ ঘূৰিছো আমি আপোনাৰ আৰ্শিবাদত।।

হে মহান গুৰু-
আমি একোৱেই নাই দিবলৈ বুলি
আপোনাৰ হাতত তুলি,
দু-হাত পাতি সেৱা প্ৰণাম জনাইছো
এই পৱিত্ৰ ক্ষণত আজি।।
             ০০০

 ২২- ফাগুনৰ পথাৰত
ধাননি পথাৰৰ আশে-পাশে
লিহিৰি-লিহিৰি বতাহ,
ডেকা-গাভৰুয়ে বোকাত নামি
কঠিয়া লগাই একা-বেকা।।

মোৰ মনত গ্ৰীষ্মৰ তাপলৈ
বিষাদৰ গুণ্যতাত,
জোমি আছে যেন
ফাগুনৰ কুহুমীয়া ঠাণ্ডাত।।

মাঘৰ শেষত
ওলালো ৰোৱনী পথাৰলৈ,
দিন ৰাতি একেই গতি
এই কুহুমীয়া ঠাণ্ডা বতৰত।।

হঠাৎ ৰিমঝিম বৰষুণৰ টোপাল লৈ
নাতিশীতোষ্ণ মাজ ৰাতি,
ইষৎ আনন্দ আহি
ঝিৰি ঝিৰি দখিনা বতাহত।।

প্ৰকৃতিৰ নগ্ন-নৃত্য নাচিছিল যেন
চৌপাশে প্ৰকৃতিৰ ছবি,
এই ফাগুনৰ কুহুমীয়া ঠাণ্ডা  বতৰত।।

প্ৰকৃতিৰ চৌপাশে আনন্দিত
কুলি-কেতেকী শিমলু গছৰ ফুল,
নানা ছবি অফুৰ্ন্ত যেন পথাৰৰ প্ৰতিকুল।।

সোনোৱালী পথাৰত
সোণৰ সুবাস বিলাই,
বহাগক আনি দি
ফাগুন গুছি যায়।।
         ০০০

    ২৩- মোৰ প্ৰেয়সী
মোৰ প্ৰেয়সী তুমি জাকত-জিলিকা
প্ৰেয়সী তোমাক কাষত নাপালে,
মোৰ লাগে যেন একা একা।।

মই তোমাৰ বাবেই
জীয়াই আছো,
এই ত্ৰিভূৱনে
থাকিম আজীৱন-জীৱনে।।

মোৰ প্ৰাণৰ প্ৰেয়সী তুমি
মোৰ জানৰ ও জান,
প্ৰেয়সী তুমি মাথো তুমিয়েই
মোৰ হিয়াৰে নহয় লগৰি।
তুমি মোৰ হিয়াৰ আমুঠুৰ
আলোকৃত পোহৰ হৈ,
বিলাই আছা তুমি যেন
মোৰ চৌপাশে সুগন্ধি।।

প্ৰেয়সী তোমাৰ বাবেই
জীৱন যদি যায় যাওঁক,
তথাপিওঁ মই তোমাৰ অবিহনে
জীৱন জীৱাই ৰাখিব নোৱাৰি,
তোমাৰ প্ৰেমত পৰি
মই হৈছো যাযাবৰ।
কিন্ত মোৰ প্ৰেয়সী তোমাৰ বাবে
মই আকৌ হ'ব পাৰিম
অঘৰি।।

হয় মোৰ প্ৰেয়সী
তুমি মোৰ সৰ্ব্ব প্ৰথম ও শেষ
সহধৰ্মিণী হ'বা বুলি,
মই দিছো তোমাক কথাটি।।
               ০০০

      ২৪- মোৰ অচিনাকী প্ৰেম
অচিনাকী এজনীৰ জীৱনত
প্ৰথম দেখাতেই পৰিলো তাৰ প্ৰেমত,
নকৰা আশাবোৰ দেখো সদায় সপোনত
দু-চকু মদিলে ভাহি উঠেযেন তাই মোৰ আগত,
বহু আশা-বহু সপোন মোৰ অচিনাকী প্ৰেমত ।।

মই এদিনত তাইক নেদেখিলে
মোৰ শৰীৰ হয় অস্থিৰ
কিন্ত অচিনাকী প্ৰেমে নুবুজে কোনো জাতি,ধৰ্ম আৰু গোষ্ঠিৰ,
আজি বুজিও নুবুজা শিকিও নিশিকা
ভাৱনাত আছে অকল অচিনাকী প্ৰেমিক-প্ৰেমিকা ।।

অচিনাকী প্ৰেমত পৰি হৈছো যাযাবৰ
কিন্ত অবুজ প্ৰেয়সীৰ বাবে,
আজি হঠাৎ কান্দি উঠে মোৰ বুকুৰ কন্ঠস্বৰ।।

মোৰ হিয়াই তাইক নামানে
   কলিজাই প্ৰেয়সীক কাষতে বিচাৰে
কিন্ত........
আজি অবুজ মন অশান্ত
নুবুজে আমাৰ  ঘৰৰে সিদান্ত
আকৌ.......
অচিনাকী প্ৰেমৰ বাবে যদি জীৱন যাই যাওঁক।।

মোৰ তথাপি প্ৰেয়সীক কাষত পাই,
সূখী হৈ থাকিম যাযাবৰ আমি দূজনাই।।
                          ০০০

    ২৫- মটৰ চাইকেল
মোক ভিন্ন ৰূপেৰে সাজিছে
মোক বহু ৰং ৰঙৰে সাজিছে,
মোক জন্ম দিছে ত্ৰিভুৱনৰ ভিন্ন জনে ।।

মই ত্ৰিভুৱনত ভিন্ন কাৰিকৰৰ ঘামত সৃষ্টি
মোৰ বাবে কিমান মানুহৰ মাজত হাঁহি,
মই ভিন্ন জনৰ মূখত শুনিব পাওঁ
কিমান দ্ৰুত গতিত।
মোৰ ওপৰৰ পিঠিত
উঠি অতি সোনকালে,
যাব পাৰে নিজৰ আকৰ্ষনীয় ঠাইলে।।

যদিও মই জীৱ নহয়
সকলোৰে আনন্দৰ,
জড় হৈও কৰিছো অপ-উপকাৰ,
যিয়ে মোক নিয়ন্ত্ৰণ কৰে
মই তেওঁৰ শুনো কথাষাৰ।।

যিফালে মোক লৈ যায়
মই লগে লগে যাওঁ,
না কৰিবলৈ নো কোনোয়ে নাই।।

খাবলৈ দিয়ে মোক পেট্ৰল আৰু ডিজেল
নিদিলেও মই একো নকওঁ,
মই নিজৰ মতেই থাকো
সেয়েহে ভিন্ন কাৰিকৰে,
মোৰ নাম ৰাখিছে মটৰ চাইকেল।।
                 ০০০০

      ২৬- তোমাৰ হাঁহি
তোমাৰ ধুনীয়া মূখৰ মিঠা হাঁহি
ওঁঠ-খনি ৰামধেনুৰ ৰঙৰ দৰে,
গাল দুখন হাঁহিৰে লৰে-চৰে
গোটেই-মূখ উজ্জল পোহৰৰে,
মনত আনন্দ আৰু ফূৰ্তিৰে
সাত ৰঙৰ আলোকৃত পোহৰ,
জিলিক-মিলিক কৰিছে
তোমাৰ মূখৰ মিঠা হাঁহি আৰু হাঁহি ।।

আজি তোমাৰ মূখত বহু হাঁহি
কিন্ত  ইমান হাঁহি কিয়,
তোমাৰ হাঁহি চাই
মই থমকি ৰলো,
জানানে... তুমি ।।

কিন্ত কিয় তোমাৰ হাঁহি
মই পাহৰিব পৰা নাই,
তোমাৰ দুই নয়নৰ দেবতাত যেন
ঈশৰৰ ইন্দ্ৰালয় দেখা যায়,
তথাপি তোমাৰ সেই ৰঙীন
আলোকৃত ছবি মোৰ মনত,
বাৰে-বাৰে ভাহি উঠে-যেন
তোমাৰ মিঠা মূখৰ হাঁহি।।

আজি তুমি যিমান মন ভৰি আছা হাঁহি
মইওঁ বিচাৰো আজৰি সময়, তোমাৰ মিঠা-মূখৰ হাঁহি
কিন্ত হাঁহি আছা
আ-জীৱন হাঁহিয়ে থাকা।।

আকৌ........
এদিন হয়তো
তুমি এই হাঁহিৰ কথা মনত পেলাবা,
আৰু সেইদিনা তুমি এই হাঁহিৰ মূল্য বুজি পাবা।।
                               ০০০
___________________x_____________________

Friday, 5 April 2019

প্ৰেমৰ ৰঙীন সপোন কবিতা_২০১৯


প্ৰেমৰ ৰঙীন সপোন

                ✒...ইমাম হুছেইন
                             নিজবাঘমাৰী,বিশ্বনাথ
                                                        দুৰাভাষ÷7002698523

তুমিয়েই যেন আছিলা ৰৈ,
মোৰ ৰঙীন সপোনৰ সীমনাত।

পখিলাই মোৰ কাণে কাণে আহিছে কৈ ,
ঢৌ খেলিছে যেন প্ৰেমৰ মলয়াত ।

ফাগুনৰ ফাগুনী পচোৱাত
আহিবা হালি-জালি একা-বেকাকৈ,
তুমি মোৰ চিৰ-সংগী হৈ।।