Wednesday, 31 July 2019

kabitaxobdhar xugondhi bisari (কবিতাশব্দৰ সুগন্ধি বিচাৰি) by Imam Hussain

:::::::::::::::::::::::::::::::::::::::::::::::::::::
                                                          
         কবিতা শব্দৰ
                   সুগন্ধি বিচাৰি
                                    
                               ✍️.... ইমাম হুছেইন                   
:::::::::::::::::::::::::::::::::::::::::::::::::::::
           কবিতা

১- কবিতা শব্দৰ সুগন্ধি বিচাৰি
কবিতাৰ ৰং ৰূপ বিচিত্ৰা
দিনে-নিশাই কবিৰ হাতত,
কবিতা-শব্দৰ ৰহণ সলায়।।

আধুনিক,ৰোমান্টিক শব্দৰে
প্ৰতিজন কবিৰ অনুভৱবোৰ,
কবিতা-শব্দৰে ভড়াল জীয়াই
এমুঠি কবিতা-শব্দৰ বন্যা,
সাহিত্য কবিতাৰে অমৰ সৃষ্টি।।

ছন্দসজ্জাৰে হৃদয়ংগমত অন্তৰৰবাণী
কবিতা-শব্দৰ সুগন্ধি বিচাৰি।।

ন-পুৰণি কবিৰ কলমেৰে
সৃষ্টি হৈছে কবিতা-শব্দৰ,
একো-একোটা মিশ্ৰণ।।

বুদ্ধিমত্তা আৰু অধ্যয়নৰ জ্ঞানেই
কবিতা-মিশ্ৰণৰ দ্ব্যৰ্থকতাত,
কবিতা-শব্দৰ ন ন-ৰূপ সাজে।।

কবিতা-শব্দ শুহি-গুহি ম্লান
সেউজীয়া সজাল পথাৰৰ,
সুগন্ধিই যেন হৃদয়ে হৃদয়ে
প্ৰতিজনক হৃদয়ংগম কৰি,
কবিতাই অমৃত অমৰ

অনুভৱ,অনুভূতিৰ সান্নিধ্য।।
             ০০০

২- অসম সন্তান ছানাউল্লা
আইৰ বুকুত জন্ম হৈ
বিদেশীৰ বোজা মোৰত,
অসমৰ বায়ু,পানী খাই
ডাঙৰ-দীঘল হোৱা,
ছানাউল্লা তোমাৰে কোলাত।।

ভাৰত মাতৃৰ বাবে
ত্ৰিশ বছৰ,
কাৰ্গিল যুদ্ধত
ৰাষ্টপতি সন্মান,
লাভ কৰিছিল
জীৱনৰ বিনিময়ত।।

ছানাউল্লা দেশী হৈ
তেওঁক বিদেশীৰ পোচাক,
ষড়যন্ত্ৰৰ বলি হৈ
ছানাউল্লাক পিন্ধালে হেনকাপ।।
                ০০০

    ৩- মৃত্যু
আহিছো যদি
যাবই-তো লাগিব,
আত্মাৰ অন্তিম
ঠিকনা বিচাৰি।।

এদিন
প্ৰতিটি জীৱ,
মৃত্যু হ'ব।।

এদিন পৰিয়ালৰ চুকুত
অগণন অশ্ৰু বোৱাই,
আত্মাই জগত এৰি
পক্ষী হৈ উৰি যাব,
আত্মাৰ অন্তিম
ঠিকনা বিচাৰি।।

মাংসৰ দেহা
মাটিতে পৰি থাকিব,
কোনোৱে জ্বলাব
আকৌ,
কোনোৱে মাটিচাপা দিব।।

সামাজিক নামটোৰ বাবে
পৰিয়ালে পূজা-নামাজ প্ৰাৰ্থনা
আত্মাই হে বুজিব
মৃত্যুৰ যন্ত্ৰণা।।
     ০০০

    ৪- অহংকাৰ
তুমি অহংকাৰ নাহিবা
মোৰ মনৰ ভিতৰত,
তুমি অহংকাৰ
আনৰে আগত নিশিকাবা,
অহংকাৰৰ জগত।।

তুমি অবিহনেই
মই থাকিব পাৰিম,
নাহিবা তুমি নাহিবা
মোৰ ঠাইতে,
মোক থাকিব দিয়া।।

মোৰ হতোৱাই
অন্যৰ মনত,
তুমি আঘাত
হানিবলৈ চেষ্ঠা,
নকৰিবা তুমি নকৰিবা।।

তুমিতো অহংকাৰ
মিথ্যাবাদী পথভ্ৰষ্টা,
আনৰ মনত
আঘাত দিয়া,
অহংকাৰ তুমি অহংকাৰ।।
        ০০০

৫- নিষ্টুৰ প্ৰেমিকা
নিষ্ঠুৰ প্ৰেমিকা তুমি
ভাৱিছিলো মনৰ ভাষা,
পাবা তুমি বুজি।।

কিন্তু মিথ্যাবাদী হৈ
প্ৰেমৰ চলনা কৰা,
অহংকাৰী প্ৰেমিকা তুমি।।

প্ৰেমৰ নামত
চলনাৰ মায়াজাল,
মায়াত পেলাইছিলা
হঠাৎ বুজিব পাৰিলো,
দ্ৰুত-গতিত গুছি যাবা বুলি।।

মোৰ কথা মিথ্যা নহয়
তোমাৰ অহংকাৰৰ বাবে,
মনত সন্দেহ উপজে
মোৰেই আগেদি,
আনৰ হাত ধৰি
লোকাই লোকাই,
প্ৰেমৰ কৰা বুলি।।

এদিন সেইজনকো
তোমাৰ এই মিথ্যা,
মায়াজালৰ পৰা
লোকাই লোকাই,
আনলৈ হাতধৰি
তুমি গুছি যাবা,
সন্দেহ উপজে বুলি।।
        ০০০

৬- মাছমৰীয়া
ইপাৰে-সিপাৰে
নদীৰ ঢৌ,
ঘৰতে চিন্তিত
আই-ক'কাইদেউ।।

নদীৰ বুকুত
হালিছে ঢুলিছে
টুলুঙা নাওঁ,
কালৰূপ লৈছে
পচোৱা বতাহেওঁ,
টুলুঙা নাওঁ মাজ বাটতে
পচোৱা বতাহৰ শিৰ্-শিৰনি শব্দতে,
গোৱালপৰীয়া গানকে গাই যাওঁ।।

নদীৰে বেগাই ব'ঠা মাৰি
কাল ধূমুহাই হঠাৎ আহি,
নাৱৰীয়াৰ লাগিলে লে'ঠা।
মাজ নদীত নাওঁ ডুবিলে,
বচাব পাৰিব কোন বে'টা।।

নাওঁ বোৱাই
নদীত মাছধৰি,
জীৱন বচাওঁ
বজাৰত বিক্ৰি কৰি।।

আমি ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া
দূখীয়া নিচলা নাৱৰীয়া,
নিতৌ পেচা আমাৰ মাছমৰীয়া।।
                 ০০০

  ৭- সংগীতৰে যাত্ৰা
সোন শণিতৰ দেহাটিত
আছো আই আমি,
সংগীতৰে যাত্ৰা আমাৰ
আই তোমাৰ ইতিহাসৰ পাতনিত।।

তোমাৰ সন্তান সংগীত শিল্পী
অন্তৰৰ পৰা অনুভৱৰ সৃষ্ঠি,
প্ৰকাশিত শব্দৰ এমুঠি সুগন্ধি।।

আইৰ সন্তান বিশ্বদৰবাৰত
গুণ গুণ গান গাই,
প্ৰতিজন দৰ্শকৰ মনে বিচৰা
সংগীতৰে বাজি থকা,
সমুধুৰ গান।।

অসমী মোৰ আই।।

য'তে যাওঁ
ত'তেই আইৰ,
ভাষাক শুনিব পাওঁ।।

বাৰে বাৰে শুনিওঁ বিৰক্তি নোহোৱা
তোমাৰেই অন্তৰস্পৰ্শীতাৰ গান,
গুণ গুণ গান গাই
আইৰ সন্তান আগুৱাই যাই।।

অসমী মোৰ আই।।

আই তোমাৰেই সংগীতৰ সোৱাদত
জীৱাই আছো হাজাৰ হাজাৰ জ্বনতা,
আমাৰ পৰিচয় আমি অসমীয়া।।

গুণ গুণ গান গাই
অস্তিত্বৰ মুহূৰ্তত প্ৰাণ পাই,
জাগি উঠিব পাৰিম আই।।

অসমী মোৰ আই।।
         ০০০

   ৮- প্ৰেমৰ অভিশাপ
প্ৰেমৰ সপোন আধৰুৱাতে
যদি থমকি ৰই,
মনৰ মন্দিৰ ভাঙি-চিঙি
নিথৰুৱা যেন হয়।।

কথা আছিল
 ঘৰ সাজিম,
নাপালো যে তোমাক।
সপোন ভাঙি এৰি গৈছা,
নিদিবা অভিশাপ।।

বহু প্ৰত্যাশিত প্ৰেমৰ আশা
যদি নিৰাশা হয়,
প্ৰেমিক-প্ৰেমিকাৰ অভিনয়ে
সমাজত যেন অভিশাপ হৈ ৰই ।।
                 ০০০

       ৯- স্নিগ্ধ প্ৰেম
যিদিনা তোমাক পালো ভাল
সিদিনাৰ পৰাই
আমাৰ লাগিল যেন
প্ৰেমৰে কাল।।

মোৰ মনত নাছিলে
গোপন মিতি-ৰালি
তুমি ভাল
পাইছিলা বুলি।।

আজি স্নিগ্ধত
কবৰস্থান কৰিলা
প্ৰেমৰ সম্পৰ্ক
মনত বানপানীৰ ঢ'লে
সোঁতৰ সৃষ্টি কৰি
 ব্ৰহ্মপুত্ৰই যেন
মোৰ চুকুৰে পানী।।

ব্ৰহ্মপুত্ৰৰ
কাল ধুমুহাই
উঠুৱাই লৈ গ'ল
পুৰণি প্ৰেমৰ
আশাৰ বিশ্বাসী পত্ৰ ।।

তুমি কেতিয়াওঁ
ভাৱিব দিয়া নাছিলা
যে প্ৰেম হেৰুৱাব
হঠাৎ আজি কিয়
পক্ষী হৈ উৰি গ'লা
নিজান দেশলৈ।।

আজিওঁ যেন
ৰাতিৰ সপোনত
ত'ৰা,জোন,নক্ষত্ৰ হৈ
মোৰ বুকুৰ মাজত
অবাধ বিচৰণ কৰিলা
সপোন ভঙ্গাৰ পাছত
যেন মোৰ পৃথিৱীখন
আকৌ
আন্ধাৰত ডুবাই দিলা।।

আশাৰ প্ৰেমক
প্ৰতাৰিত কৰি
স্নিগ্ধ হৈ ৰ'লা
সপোন ভাঙ্গি
চিৰ-চিনাকী
স্নিগ্ধ প্ৰেমৰ
ইতিহাস হৈ থাকিলা।।

ধন্য তোমাৰ আশাক
ধন্য তোমাৰ প্ৰত্যাশাক
ধন্য তোমাৰ প্ৰতাৰিত
প্ৰেমৰ চলনাক।।
       ০০০

No comments:

Post a Comment