Tuesday, 10 March 2020

শব্দৰ সু-গন্ধি আৰু দৌল উৎসৱ ২০২০

কবিতাঃ১
শব্দৰ সু-গন্ধি
     ✍...ইমাম হুছেইন
     নিজ বাঘমাৰী,বিশ্বনাথ
     ভ্ৰাম্যভাষঃ৭০০২৬৯৮৫২৩

হৃদয়ৰ মণিকোঠাত
শব্দৰ বুৰবুৰণি,
কবিৰ অনুভৱৰ পথাৰখনত
কবিয়ে সৃষ্টি কৰিছে,
শব্দৰ সু-গন্ধি।

নিঃসংগতাৰ বিননিত
কবিয়ে অকলশৰীয়া হৈ,
কবিৰ ক্ষন্তেকীয়া জীৱনৰ
প্ৰতিটো সাঁথৰেই লিপিৱদ্ধ কৰি,
অনুভৱৰ পথাৰখনৰ পৃষ্ঠাত
কবিয়ে সৃষ্টি কৰিছে,
শব্দৰ সু-গন্ধি।

নিঃশব্দতাৰ ধুমুহাত
কবিয়ে,
হাতত তুলিছে কলম।
অনুভৱৰ পথাৰখনত
কবিয়ে সৃষ্টি কৰিছে,
শব্দৰ সু-গন্ধি।

কবিতাঃ২
দৌল উৎসৱ

সেউজী ধৰণীৰ বুকুত
নানা ৰঙ ৰঙৰে ভৰাঁ,
মদনোৎসৱ-দৌল উৎসৱ
একেই উৎসৱ,
ফাঁকুৱা নামেৰে জনা।

সাত কুড়ি
ফাঁকু গুড়ি,
আনন্দৰে সানিছো
ৰঙৰে ৰঙীন কৰি।

ফাগুনৰ পূৰ্ণিমা তিথিত
ৰঙ ৰঙৰে পোহৰাই তোলা,
আহা হাতে-হাত ধৰি
খেলো ফাঁকু ৰঙ ধেমালিৰে,
সকলোৱে মেলি-জুলি।